MRIDUl 1.0

MRIDUl 1.0 Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from MRIDUl 1.0, Grocers, Ki, New York, NY.

10/11/2023

অধ্যায় ২

কাছাৰ জনগোষ্ঠীসকল

প্ৰশ্নাৱলীঃ

১| নৃতত্ত্ববিদসকলে বৰাক উপত্যকাক কি বুলি অভিহিত কৰিছে ?

উত্তৰঃ নৃতত্ত্ববিদসকলে বৰাক উপত্যকাক 'নৃতত্ত্বৰ বাগিছা' বুলি অভিহিত কৰিছে।

২| বৰাক উপত্যকাত বাস কৰা বিভিন্ন জনগোষ্ঠীসমূহ কি কি?

উত্তৰঃ বৰাক উপত্যকাত বাস কৰা বিভিন্ন জনগোষ্ঠীসমূহ হ'লঃ বঙ্গীয় সমাজ, মণিপুৰী, মণিপুৰীবিষ্ণুপ্ৰয়া, ভোজপুৰী, অসমীয়া, ৰাজবংশী, ৰাজস্থানী, বক্মন, ৰংমাই নাগা, মাৰ, কাৰ্বি, ৰিয়াং, ভেইকেই, কুকি, পৈতে, মিজো, গাংতে, চাকমা, চিৰু, চৰৈ, নেপালি।

৩| বৰাক উপত্যকাৰ মানুহৰ প্ৰধান জীৱিকা কি?
উত্তৰঃ বৰাক উপত্যকাৰ মানুহৰ প্ৰধান জীৱিকা হ'লঃ খেতি-বাতি, ব্যৱসায় আৰু চাকৰি।

৪| 'The background of Assamese Culture' গ্ৰন্থখন কোনে ৰচনা কৰিছিল?
উত্তৰঃ 'The background of Assamese Culture' গ্ৰন্থখন ৰাজমোহন নাথে ৰচনা কৰিছিল।

৫| হায়দৰাবাদত অনুষ্ঠিত সন্তোষ ট্ৰফী ফুটবল প্ৰতিযোগিতাত অসম ৰাজ্যিক ফুটবল দলৰ মেনেজাৰ কোন আছিল?
উত্তৰঃ হায়দৰাবাদত অনুষ্ঠিত সন্তোষ ট্ৰফী ফুটবল প্ৰতিযোগিতাত অসম ৰাজ্যিক ফুটবল দলৰ মেনেজাৰ সুনীল মোহন আছে।

৬| চমুটোকা লিখাঃ

(ক) ৰাজমোহন নাথ

উত্তৰঃ ৰাজমোহন নাথ আছিল এগৰাকী অভিযন্তা। ৰাডমোহন নাথ বৰাক উপত্যকাৰ এজন সুযোগ্য সন্তান আছিল। ৰাজমোহন মাথ বৰাকৰ বিভিন্ন গোষ্ঠীসমূহৰ মাজত বহুতো জনহিতকৰ কাম কৰিছিল। ৰাজমোহন নাথৰ আগ্ৰহৰ ক্ষেত্ৰখন আছিল বুৰঞ্জীৰ গৱেষণা কৰা। ১৯৪৮ ৰাজ মোহন নাথে 'the background of Assamese culture বুলি এখন বুৰঞ্জীৰ গ্ৰন্থ ৰচনা কৰিছিল। শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্য আৰু দৰ্শনৰ বিষযেও ৰাজমোহন নাথে চৰ্চা কৰিছিল। ১৯৫৮ চনত তিনিচুকীয়াত অনুষ্ঠিত হোৱা 'অসম সাহিত্য সভাৰ'অধিবেশনত বুৰঞ্জীৰ শাখাৰ সভাপতি আছিল।

(খ) কীমালুদ্দীন আহমদ

উত্তৰঃ কামালুদ্দীন আহমদ কৰিমগঞ্জ কলেজৰ বুৰঞ্জীৰ বিভাগৰ মুৰব্বী অধ্যাপক আছিল। পৰৱতী সময়ত কামালুদ্দীন আহমদ অধ্যক্ষ হয়। কামালুদ্দীন আহমদে সাহিত্য ৰ্চচাও কৰিছিল। কামালুদ্দীন আহমদে সম্পাদিত কৰা সাহিত্য পত্ৰখনৰ নাম 'দিগ্বলয়'। ১৯৯৪ চনত কামালুদ্দীন আহমদ অসমৰ শিল্প আৰু স্থাপত্যৰ বিষয়ে লিখা গন্থ খনৰ নাম 'the art and architecture of Assam'। তেওঁ গৱেষণা-নিৱন্ধৰ লগতে উপন্যাস আৰু সৃজনশীল সাহিত্যও ৰচনা কৰিছিল।

(গ) নন্দলাল বৰ্মণ

উত্তৰঃ নন্দলাল বৰ্মণ এগৰাকী সমাজসেৱক। বৰ্মণ ৰাজমন্ত্ৰী বংশৰ আছিল। তেওঁক সমাডত এজন প্ৰতিপত্তিশালী ব্যৱসায়ী হিচাপে সন্মান পাইছিল। বৰ্মণক সমাজৰ কিছুমান মানুহে মিলাউ বুলি সন্মান কৰিছিল আৰু আনকিছুমানে মানুহে মহাজন বুলি সন্মান কৰিছিল। ১৯০১ চনত নন্দলাল বৰ্মণে কাছাৰ জিলাৰ বৰখলাৰ গাওঁত ল'ৰা-ছোৱালী বাহে স্কুল স্থাপন কৰিছিল।

(ঘ) নলিনীন্দ্ৰ কুমাৰ বৰ্মণ

উত্তৰঃ নলিনীন্দ্ৰ কুমাক বৰ্মণ এগৰাকী শিক্ষক আছিল। তেওঁ ১৯৩০ চনত জুন-মাহত ডিমাহাছাও জিলাৰ সদৰ হাফলঙৰ মিচন স্কুলত শিক্ষক হিচাপে যোগদান কৰিছিল। তেওঁ ডিমাছা জাতিৰ ঐতিহ্য আৰু পৰম্পৰাৰ বিষয়ে অধ্যয়ন কৰিছিল। ডিমাছা জাতিৰ ঐতিহ্য আৰু পৰম্পৰাৰ বিষয়ে এখন গ্ৰন্থ ৰচনা কৰিছিল। গ্ৰন্থ খনৰ নাম the queen of Cachar or Herambo and the History of the Cacharis. নলিনীন্দ্ক কুমাৰ বৰ্মণে ডিমাছা জাতিৰ বাবে শৰাধৰ কীৰ্তন পদাৱলী ৰচনা কৰিছিল। সেই গ্ৰন্থখনৰ নাম হৈডিম্বৰাজ গোবিন্দচন্দ্ৰকৃত ।

(ঙ) ইৰুংবম চন্দ্ৰ সিংহ

উত্তৰঃ ইৰুংবম চন্দ্ৰ সিংহ মণিপুৰী সমাজৰ প্ৰথম অৰ্থনীতি সমাজ বিজ্ঞানৰ সান্মাষিত স্নাচক আছিল। গঞা ল'ৰা-ছোৱালীৰ শিক্ষকৰ বাবে তেওঁ নানাবিধ সৰ্দথক প্ৰয়াস কৰিছিল। দৰিদ্ৰ ছাত্ৰ-ছাত্ৰী সহ কৰাৰ কাৰণে এটা তহবিল গঢ়ি তোৱাৰ লগতে তেওঁ এখন স্কুল স্থাপন কৰিছিল।

(চ) বিপিন সিংহ
উত্তৰঃ বিপিন সিংহ মণিপুৰী বিষ্ণুপ্ৰিয়ানসমাজৰ নত্যকলাৰ অবিস্মৰণীয় ব্যেক্তি আছিল। ১৯৬৬ চনত গুৰু বিপিন সিংহক 'সঙ্গীত নাটক অকাডেমী বঁটা প্ৰদান কৰিছিল। মধ্যপদেশৰ চৰকাৰৰ পৰা 'কালিদাস সন্মান লাভ কৰিছিল। কলকাতাত 'মণিপুৰী নৰ্তনালয় নামেৰে নৃত্যকলা শিক্ষাৰ অনুষ্ঠান স্থাপন কৰিছিল।

04/20/2023

Address

Ki
New York, NY

Website

Alerts

Be the first to know and let us send you an email when MRIDUl 1.0 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category