30/06/2026
*📢 নিয়োগৰ জাননী: 'Dergaon Daily' ত চাকৰিৰ সুবৰ্ণ সুযোগ!*
*দেৰগাঁৱৰ প্ৰথম ঘৰুৱা ডেলিভাৰী এপ 'Dergaon Daily' ৰ অফিচিয়েল লঞ্চিং প্ৰক্ৰিয়াৰ বাবে জৰুৰীভাৱে তলত উল্লেখ কৰা পদসমূহৰ বাবে কৰ্মঠ আৰু উৎসাহী প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান কৰা হৈছে।*
*💼 ১/ পদৰ নাম: Store Executive (কেৱল মহিলা প্ৰাৰ্থীৰ বাবে)*
খালী পদ: ১ টা
বয়সৰ সীমা: ২২ ৰ পৰা ৩০ বছৰ
শিক্ষাগত অৰ্হতা: নূন্যতম Higher Secondary (১২ পাছ) বা Graduate। (কম্পিউটাৰ/স্মাৰ্টফোন ব্যৱহাৰৰ প্ৰাথমিক জ্ঞান থাকিব লাগিব)।
অন্যান্য অৰ্হতা: নিজা স্কুটী/টু-হুইলাৰ আৰু ড্ৰাইভিং লাইচেন্স থকাটো বাধ্যতামূলক।
কামৰ দায়িত্ব: ষ্ট’ৰৰ ইনভেণ্টৰী মেনেজ কৰা, এপৰ অৰ্ডাৰ চেক কৰা, পাকিং চোৱা-চিতা কৰা আৰু প্ৰয়োজন সাপেক্ষে ডেলিভাৰী কৰা (ডেলিভাৰীৰ বাবে অতিৰিক্ত মাননী দিয়া হ’ব)।
*🏍️ ২/ পদৰ নাম: Delivery Executive (ল’ৰা/ছোৱালী দুয়োৰে বাবে)*
খালী পদ: ১ টা
বয়সৰ সীমা: ২২ ৰ পৰা ৩০ বছৰ
অন্যান্য অৰ্হতা: নিজা বাইক/স্কুটী, ড্ৰাইভিং লাইচেন্স আৰু এটা স্মাৰ্টফোন থকাটো বাধ্যতামূলক। দেৰগাঁৱৰ ভিতৰুৱা ৰাস্তা-ঘাটৰ ভাল জ্ঞান থাকিব লাগিব।
কামৰ দায়িত্ব: ষ্ট’ৰৰ পৰা অৰ্ডাৰ গ্ৰহণ কৰি গ্ৰাহকৰ ঘৰত নিৰ্ধাৰিত সময়ত সুৰক্ষিতভাৱে ডেলিভাৰী কৰা।
*⏰ কামৰ সময় আৰু স্থান:*
শ্বিফ্ট: দিনৰ ১১:০০ বজাৰ পৰা নিশা ৮:০০ বজালৈ (৯ ঘণ্টা)।
কৰ্মক্ষেত্ৰ: দেৰগাঁও।
দৰমহা: অৰ্হতা আৰু সাক্ষাৎকাৰৰ ভিত্তিত আলোচনা কৰা হ’ব (ভাল প্ৰদৰ্শনৰ বাবে আকৰ্ষণীয় ইনচেণ্টিভৰ ব্যৱস্থা থাকিব)।
🎯 সাক্ষাৎকাৰৰ প্ৰক্ৰিয়া (Interview Process):
প্ৰাৰ্থীসকলৰ সাক্ষাৎকাৰ সম্পূৰ্ণ ডিজিটেল পদ্ধতিৰে ভিডিঅ’ কল বা টিম মীটিং (Video Call / Team Meeting) ৰ জৰিয়তে লোৱা হ’ব।
📩 কেনেকৈ আবেদন কৰিব: ইচ্ছুক প্ৰাৰ্থীসকলে নিজৰ নাম, ঠিকনা আৰু বায়’ডাটা (Resume) তলত দিয়া অফিচিয়েল ইমেইল আইডীত প্ৰেৰণ কৰক:
📧 Email ID: [email protected]