20/09/2026
📜 BLT–BTC চুক্তি, BLT (Bodo Liberation Tigers), ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ মাজত ১০ ফেব্ৰুৱাৰী ২০০৩ তাৰিখে স্বাক্ষৰিত Memorandum of Settlement (MoS) কৰা হয়। এই চুক্তিখন সাধাৰণতে ২০০৩ চনৰ Bodo Accord / BTC Accord নামেৰে পৰিচিত।
১. BTC গঠন
অসম ৰাজ্যৰ ভিতৰত Bodoland Territorial Council (BTC) গঠন কৰাৰ সিদ্ধান্ত লোৱা হয়।
BTC-ক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচী (Sixth Schedule)-ৰ অধীনত সাংবিধানিক সুৰক্ষা দিয়া হয়।
বড়ো জনগোষ্ঠীৰ ভূমি, সামাজিক-সাংস্কৃতিক আৰু জাতিগত পৰিচয় সংৰক্ষণ কৰাটো চুক্তিৰ অন্যতম উদ্দেশ্য আছিল।
২. BTC-ৰ এলেকা
চুক্তিত BTC-ৰ অন্তৰ্ভুক্তিৰ বাবে ৩,০৮২খন গাঁও/এলেকা উল্লেখ কৰা হৈছিল।
নিৰ্দিষ্ট মাপকাঠী, যেনে জনজাতীয় জনসংখ্যা, ভৌগোলিক সংলগ্নতা আদি বিবেচনা কৰি আন এলেকা অন্তৰ্ভুক্ত কৰাৰ ব্যৱস্থাও আছিল।
৩. ভূমি অধিকাৰ — অতি গুৰুত্বপূৰ্ণ
চুক্তিখনত জনজাতীয় লোকৰ ভূমি অধিকাৰ সুৰক্ষাৰ লগতে BTC এলেকাত থকা অজনজাতীয় লোকসকলৰ বিদ্যমান অধিকাৰৰ বিষয়েও ব্যৱস্থা আছে।
বিশেষকৈ, চুক্তিৰ Clause 4.3-ত অজনজাতীয় লোকসকলৰ বসতি, ভূমি হস্তান্তৰ আৰু সম্পত্তিৰ উত্তৰাধিকাৰৰ ক্ষেত্ৰত সুৰক্ষাৰ কথা উল্লেখ কৰা হৈছে।
গুৰুত্বপূৰ্ণ কথাটো হ'ল—BTC আৰম্ভ হোৱাৰ সময়ত ভাৰতীয় নাগৰিকসকলে ভোগ কৰি থকা বিদ্যমান অধিকাৰ আৰু সুবিধা, ইয়াৰ ভিতৰত ভূমি অধিকাৰো, কেৱল নতুন আইন কৰি বিলুপ্ত কৰা নহ'ব বুলি চুক্তিত সুৰক্ষাৰ কথা আছে।
৪. BTC-ৰ ক্ষমতা
BTC-ক বিভিন্ন বিষয়ত আইনী, কাৰ্যবাহী, প্ৰশাসনিক আৰু বিত্তীয় ক্ষমতা প্ৰদান কৰা হৈছিল।
ইয়াৰ ভিতৰত Land & Revenue (ভূমি আৰু ৰাজহ)-ও এটা গুৰুত্বপূৰ্ণ বিষয় আছিল।
কিন্তু BTC-ৰ ভূমি সম্পৰ্কীয় ক্ষমতা ষষ্ঠ অনুসূচী, সংবিধান আৰু চুক্তিত থকা সুৰক্ষামূলক ব্যৱস্থাৰ অধীনত প্ৰয়োগ কৰিব লাগে।
৫. অজনজাতীয় লোকৰ অধিকাৰ
২০০৩ চনৰ চুক্তিত BTC এলেকাত বসবাস কৰা অজনজাতীয় লোকসকলৰ বিদ্যমান অধিকাৰ আৰু সুবিধা, বিশেষকৈ ভূমি অধিকাৰ, সুৰক্ষিত কৰাৰ কথা স্পষ্টভাৱে উল্লেখ কৰা হৈছে।
৬. অন্যান্য গুৰুত্বপূৰ্ণ বিষয়
চুক্তিখনত আৰু কেইবাটাও বিষয় আছিল—
বড়ো ভাষা আৰু সংস্কৃতিৰ উন্নয়ন
শিক্ষা আৰু অৰ্থনৈতিক উন্নয়ন
Central Institute of Technology স্থাপনৰ ব্যৱস্থা
সাধাৰণ চৰকাৰী সাহায্যৰ উপৰিও ৫ বছৰৰ বাবে বছৰি ₹১০০ কোটি উন্নয়ন সাহায্য
BLT কেডাৰসকলৰ পুনৰ সংস্থাপন/পুনৰ্বাসন
BTC-ৰ সাংবিধানিক ব্যৱস্থা !